Thursday, June 24, 2021

টেষ্ট ক্ৰিকেটৰ ইতিহাসত প্ৰথমটো 'টাই' (The first ever tie in the history of test cricket)

দুই হাজাৰৰো অধিক টেষ্ট মেচৰ ইতিহাসত, মাত্ৰ 2 খন মেচহে এতিয়ালৈকে টাই হিচাপে সমাপ্ত হৈছে । প্ৰথমখন টাই টেষ্ট  ১৯৬০ চনত ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ মাজত  আৰু দ্বিতীয় খন টাই টেষ্ট ১৯৮৬ চনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল। সম্পূৰ্ণ ৮৩ বছৰ আৰু ৪৯৮ খন টেষ্টৰ পিছত , ১৯৬০ চনৰ ৯-১৪ ডিচেম্বৰত অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ব্ৰিছবেনৰ গাব্বাত হোৱা খেলখন কোনো ফলাফল অবিহনে একেবাৰে শেষ বললৈ গৈছিল। অৱশ্যে এটা ফলাফল আছিল – টাই । যিটো ক্ৰিকেট ইতিহাসত অনন্তকালৰ বাবে স্মৰণীয় হৈ থাকিব।


                অন্তিমটো বলৰ পিছৰ দৃশ্য


ৱেষ্ট ইণ্ডিজৰ হৈ ছাৰ গাৰফিল্ড ছোবৰ্ছে প্ৰথম ইনিংছত এক উৎকৃষ্ট শতক অৰ্জন কৰাৰ ওপৰিও ছাৰ ফ্ৰেংক ৱ'ৰেলে দুয়োটা ইনিংছতে অৰ্ধশতক অৰ্জন কৰে । বলিঙত  ৱেছ হলে মেচখনত মুঠতে নটা উইকেট দখল কৰে। আনহাতে , অষ্ট্ৰেলিয়াৰ হৈ নৰ্ম অ' নীলে প্ৰথম ইনিংছত ১৮১ আৰু এলান ডেভিডচনে অনন্য  অলৰাউণ্ড প্ৰদৰ্শনেৰে মেচখনত মুঠ ১১ টা উইকেট আৰু দ্বিতীয় ইনিংছত সৰ্বাধিক ৮০ ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ দৰে কেৰিবিয়ানতো,  এই টাইড টেষ্ট খনক এক অবিস্মৰণীয় ক্ৰীড়া মুহূৰ্ত হিচাপে গণ্য কৰাৰ ওপৰিও প্ৰচণ্ড দক্ষতা, তীব্ৰ সংকল্প আৰু বন্ধুত্বৰ মনোভাৱৰ দ্বাৰা সংজ্ঞায়িত কৰা হয় যি আজিলৈকে চলি আছে।

এলান ডেভিডচন

টছত জয়ী হৈ ৱেষ্ট ইণ্ডিজে ৪৫৩ ৰাণ সংগ্ৰহ কৰে য'ত গেৰী ছোবৰ্ছৰ সেই সময়ত অন্যতম শ্ৰেষ্ঠ বুলি গণ্য কৰা এটা শতক,ফ্ৰেংক ৱ'ৰেল, জো চলোমন, গেৰী আলেকজেণ্ডাৰ আৰু ৱেছ হলৰ অৰ্ধশতক সন্নিৱিষ্ট আছিল। যদিহে এলান ডেভিডছনৰ তীক্ষ্ণ বাওঁহতীয়া বলিঙ  নহ'লহেঁতেন, তেন্তে ৱেষ্ট ইণ্ডিজৰ স্ক'ৰ আৰু অধিক হোৱাৰ অৱকাশ আছিল।

অষ্ট্ৰেলিয়াই ৱেছ হল এণ্ড কোম্পানীৰ ফায়াৰপাৱাৰৰ সন্মুখত সাহসেৰে থিয় দি শক্তিশালী সঁহাৰি জনাইছিল। অষ্ট্ৰেলিয়ান ইনিংচত নৰ্ম অ' নীলে দ্বিশতক আৰু বব ছিম্পছনে তেওঁৰ শতক অৰ্জন কৰাৰ পৰা বঞ্চিত হয় যদিও কলিন মেকডনাল্ডৰ অৰ্ধশতকৰ লগতে নিম্ন ক্ৰমৰ পৰা বেটিঙত ভাল অৱদানৰ সুবাদত ঘৰুৱা দলটোৱে ৫০০ অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল।  আনহাতে,ৱেছ হলে ১৪০ ৰাণত চাৰিটা উইকেট দখল কৰে।

দ্বিতীয় ইনিংছত ৱ'ৰেল  আৰু ৰোহন কানহাইয়ে উন্নত বেটিং কৰি অষ্ট্ৰেলিয়াক জয়ৰ বাবে  ২৩৩ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে যিটো চতুৰ্থ ইনিংছত একেবাৰে  সহজ নাছিল। অষ্ট্ৰেলিয়াই সঠিক আৰম্ভণি নকৰিলেও ডেভিডচন আৰু ৰিচি বেনোডে সপ্তম উইকেটৰ বাবে যোগ দিয়া ১৩৪ ৰাণৰ সহায়ত প্ৰায় জয়ৰ দুৱাৰদলিত উপনীত হয়। জয়ৰ বাবে মাত্ৰ সাত ৰাণ লগা অৱস্থাত ডেভিডচন ৰাণ আউট হয় আৰু বেনোডেও মাত্ৰ  দুই ৰাণ পিছত তেওঁক অনুসৰণ কৰে। ৱালী গ্ৰাউট আৰু ইয়ান মেকিফ ২৩২ ৰাণত ৰাণ আউট হোৱাৰ লগে লগে এই ৰোমাঞ্চকৰ টেষ্টখনৰ সমাপ্তি ঘটে। আৰু এটা ৰাণে অষ্ট্ৰেলিয়াক জয়ৰ সোৱাদ দিব পাৰিলেহেঁতেন কিন্তু ক্ৰিকেট জগত এটা বিশেষ উপলক্ষৰ পৰা বঞ্চিত হ'লহেঁতেন।


সংক্ষিপ্ত স্ক'ৰ: ৱেষ্ট ইণ্ডিজ ৪৫৩ (গেৰী ছোবৰ্ছ ১৩২, ফ্ৰেংক ৱ'ৰেল ৬৫, জো চলোমন ৬৫, গেৰী আলেকজেণ্ডাৰ ৬০, ৱেছ হল ৫০; এলান ডেভিডচন 5-135) আৰু 284 (ৱ'ৰেল 65, ৰোহন কানহাই 54, চলোমন 47; ডেভিডচন 6-87, বব ছিম্পচন 2-18) 


অষ্ট্ৰেলিয়া 505 (নৰ্ম অ'নিল 181, ছিম্পচন 92, মেকডনাল্ড 57, লেছ ফেভেল 45, ডেভিডচন 44, হল 4-140 আৰু ছোবৰ্ছ 2-115) আৰু 232 (ডেভিডচন 80, ৰিচি বেনোড 52, কেন মেকে 28, অ'নিল 26; হল ৫-৬৩)। 

সম্পূৰ্ণ স্ক'ৰকাৰ্ড ৰ বাবে ইয়াত ক্লিক কৰক।


 ✍️দীপ জ্যোতি ডেকা 

2 comments: