১৮৬৪ চনত প্ৰথম ধাৰাবাহিক ৰূপত প্ৰকাশিত "ৰাজমোহনৰ পত্নী" (Rajmohan's wife) উপন্যাসখনেৰে বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ে লেখক হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ ওপৰিও ইংৰাজী ভাষাত ৰচনা কৰা এইখন প্ৰথম ভাৰতীয় উপন্যাসো আছিল।পিছলৈ তেওঁ বাংলাভাষাত চৈধ্যখন উপন্যাস লিখে। যাৰ ভিতৰত আছিল যুগান্তকাৰী 'আনন্দমথ', য'ত ভাৰতৰ ৰাষ্ট্ৰীয় গীত 'বন্দে মাতৰম্' অন্তৰ্ভূক্ত হৈ আছিল।
এজন খলনায়কৰ সৈতে বিবাহপাশত আৱদ্ধ আৰু ভগ্নীৰ স্বামীৰ প্ৰেমত পৰা ধুনীয়া আৰু আৱেগিক মাটাংগিনীয়ে বৰ্বৰতা আৰু মধ্যবিত্ত সমাজৰ সীমাবদ্ধ প্ৰত্যাশাৰ সন্মুখীন হৈ শক্তিশালী হৈ থকা মহিলাসকলৰ জীৱনীশক্তিক প্ৰতিনিধিত্ব কৰে। বংকিমচন্দ্ৰৰ বাংলা পৰিয়ালৰ ৰুটিনৰ স্পষ্ট বৰ্ণনাই ঊনবিংশ শতিকাৰ বঙালী সকলৰ জীৱনৰ এক সঠিক চিত্ৰ উন্মোচিত কৰে।'ৰাজমোহনৰ পত্নী'(Rajmohan's wife) ইয়াৰ প্ৰেম আৰু ৰোমাঞ্চৰ সাৰ্বজনীন বিষয়বস্তুৰ আৰু মহিলাৰ শক্তিশালী চৰিত্ৰ চিত্ৰায়নৰ বাবে আজিও প্ৰাসংগিক হৈ আছে।
✍️দীপ জ্যোতি ডেকা
No comments:
Post a Comment